চাকৰিৰ সাক্ষাৎকাৰৰ বাবে আহি সন্ধানহীন ডিমৌৰ যুৱক, আলফাত যোগদানৰ সন্দেহ

107

ডিব্ৰুগড় চহৰৰ সম্ভাৱ্য চাকৰিৰ সাক্ষাৎকাৰৰ বাবে ঘৰৰ পৰা ওলাই অহাৰ পিছতে সন্ধানহীন হৈ আছে ডিমৌৰ এজন যুৱক।

প্ৰাথমিক খবৰ অনুসৰি যোৱা ২২ মাৰ্চৰ পৰা যুৱকজন নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে।

জিন্টু চেতিয়া নামৰ যুৱকজন ডিব্ৰুগড় জিলাৰ অন্তৰ্গত ডিমৌৰ উষাপুৰ গাঁৱৰ বাসিন্দা আছিল।

“মই সকলোকে মিছ কৰিম” বুলি নিজৰ হোৱাটছএপত মোবাইল ষ্টেটাছ আপলোড কৰাৰ পিছত যুৱকজনৰ মোবাইল ফোনটো চুইচ অফ হৈ থকা অৱস্থাত উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ইফালে যুৱকজনৰ পিতৃ-মাতৃয়ে সন্দেহ প্ৰকাশ কৰিছে যে তেওঁ নিষিদ্ধ উগ্ৰপন্থী সংগঠন আলফা স্বাধীনত যোগদানৰ বাবে গৈছে।

ঘটনা সন্দৰ্ভত অভিভাৱকসকলে নিৰুদ্দেশৰ গোচৰো দাখিল কৰিছে।