চাংসাৰিৰ মা বাসন্তী হোটেলত চাহ-ভাতৰ লগতে চলে অবৈধ সুৰাৰ গোপন ব্যৱসায়

110

পৱন নীল কাশ্যপ, চাংসাৰিঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টিতে অব্যাহত আছে অবৈধ সুৰাৰ ৰমৰমীয়া বেহা। জালুকবাৰী সমষ্টিৰ একাংশ হোটেলত গোপনে চলে অবৈধ সুৰাৰ বেহা। সমষ্টিটিটোৰ অন্তর্গত চাংসাৰিৰ চৌকীগেট ফ্লাই অভাৰৰ তলত থকা এখন হোটেলতো দীৰ্ঘ দিনৰ পৰা চলি আহিছে অবৈধ সুৰাৰ বেহাৰ লগতে নানান অসামাজিক কাণ্ড।

চৌকীগেট ফ্লাই অভাৰৰ তলত থকা মা বাসন্তী নামৰ হোটেলখনত এক গোপন খবৰৰ ভিত্তিত আকস্মিক অভিযান চলায় চাংসাৰি আৰক্ষীয়ে। এই অভিযানত হোটেল খনৰ পৰা জব্দ হয় বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা।

আৰক্ষীয়ে হোটেল খনৰ স্বত্বাধিকাৰীক ইতিমধ্যে আটক কৰি তদন্ত আৰম্ভ কৰিছে। আনহাতে অঞ্চলটোৰ আন কেইবাখনো হোটেলতো অবৈধ সুৰাৰ গোপন বেহা চলি থকাৰ অভিযোগ তুলিছে সচেতন মহলে।