চতিয়াৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা মৰনৈ নদীৰ দলংৰ বিপদজনক ৰূপ

155

চতিয়াৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা মৰনৈ নদীৰ দলংৰ বিপদজনক ৰূপ।চতিয়াৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা মৰনৈ নদীৰ দলংখনৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে দিনক দিনে বহি গৈছে দলংখনৰ এটা মূৰ।
বিপদজনক ৰূপ ধাৰণ কৰা ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা এই দলংখনৰ প্ৰাৰম্ভিক মেৰামতিৰ কামত লাগিছে চতিয়া আৰক্ষী যাতে গাড়ী মটৰ যেনে তেনে পাৰহৈ যাৱ পাৰে।
চাৰিশৰণিয়া পথ নিৰ্মাণ কাৰি প্ৰতিষ্ঠান টি কে ইঞ্জিনিয়াৰিং নামৰ ঠিকাদাৰি প্ৰতিষ্ঠানটোৰ চুড়ান্ত দায়িত্বহিনতাৰ বাবেই চতিয়াৰ অতি গুৰুত্বপূৰ্ণ এইখন দলংৰ ওপৰেদি বিপদজনক ভাৱে যাতায়ত কৰিব লগা হৈছে নিতৌ হাজাৰ বিজাৰ যান বাহন।
টি কে ইঞ্জিনিয়াৰিং নামৰ নামৰ ঠিকাদাৰি প্ৰতিষ্ঠানটোৱে বছৰ পাছত বছৰ বাগৰিল কিন্তু ঘাইপথৰ ওপৰত থকা দৰং সমূহটো বাদেই পথৰ পকীকৰণৰ কামো শেষ কৰিব পৰা নাই।
১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা এখন দলংয়েই নহয় কেইবাখনো দলং মৰণ ফাণ্ডত পৰিণত কৰিছে টিকে ইঞ্জিনিয়াৰিং নামৰ ঠিকাদাৰী
প্ৰতিষ্ঠানটোৱে ।