চকুমুদা কুলিৰ ভাও ৰূপত গোৰেশ্বৰ বন বিভাগ

183

বাইহাটা চাৰিআলি-ৰামগাঁও- নাগ্ৰিজুলি গড়কাপ্টানী পথত বৃদ্ধি পাইছে ডাম্পাৰৰ দৌৰাত্ম।

নিশা হ’লে গোৰেশ্বৰ নাগ্ৰিজুলি পথত চলে অবৈধ ডাম্পাৰৰ দৌৰাত্মক ।

এই দূৰ্নীতিৰ বিৰুদ্ধে কোনো কানসাৰ নাই বিভাগীয় পক্ষৰ।

উল্লেখযোগ্য যে অতিষ্ঠ হৈ স্থানীয় ৰাইজ তথা দল সংগঠন, বাতৰি সংগ্রহ কৰিবলৈ যোৱা সাংবাদিককো বাধা প্ৰদান স্বহীদ আলী নামৰ দালালজনে।

অন কেমেৰাত ভাবুকি প্রদান কৰিলে ডাম্পাৰৰ দালালে।

এজন মহাপুৰুষ
নাম স্বহীদ আলী।

পেচাত পিছে এজন বন বিভাগৰ ব্যক্তিগত ড্ৰাইভাৰ।
পিছে এতিয়া স্বহীদ আলীৰ নেতৃত্বে চলিছে
বন বিভাগৰ সন্মুখেৰে চালান বিহিন শ-শ ডাম্পাৰ।
সাংবাদিকক ভাবুকি প্ৰদান কৰি AS25F1045 নম্বৰৰ এল্ট গাড়ীৰে পলায়ন কৰে স্বহীদ আলীয়ে ।।

ইপিনে চকুমুদা কুলিৰ ভাও ৰূপত গোৰেশ্বৰ বন বিভাগৰ বিষয়া অনুপ নাৰ্জাৰী ।

আজি বন বিষয়া অনুপ নাৰ্জাৰীৰ কৰ্মক অতিষ্ঠ হৈ গোৰেশ্বৰ ছাত্র মুক্তি সংগ্রাম সমিতি আৰু কৃষক মুক্তি সংগ্রাম সমিতিয়ে বাতৰি সংগ্রহ পৰলৈ AS25DC 5174/ AS27C3755/ AS01NC 3690 তিনি খনকৈ অবৈধ ডাম্পাৰ কৰায়ত্ত কৰি বন বিভাগক চমজাই দিয়ে যদিও ডাম্পাৰ কেইখন ৰাখিবলৈ অমান্তি হয় বন বিভাগৰ লোক।

ৰাইজৰ প্ৰশ্ন অসমৰ মুখ্যমন্ত্ৰী যিমানে কঠোৰ নহওক কিয় ,প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষ যদি কঠোৰ নহয় তেতিয়া হলে দুৰ্নীতি,অন্যায়,লুণ্ঠন লগতে অনিয়ম কেতিয়াও বন্ধ নহয়।

কাৰ আৰ্শীবাদত এতিয়া দিনে নিশাই চলিছে চালান বিহিন ডাম্পাৰ ।নিমাত কিয় বন বিভাগ।

তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ বগামাটি অঞ্চলৰ লগতে পুঠিমাৰী নৈৰ বিভিন্ন ঘাটৰ পৰা নিতৌ ডাম্পাৰ সমুহে শিল বালি অভাৰ লোড কঢ়িয়াই বন বিভাগৰ লগতে শুৱাগপুৰ আৰু গোৰেশ্বৰ আৰক্ষীৰ সমুখেৰে কঢ়িয়াই থাকিব পাৰে অভাৰ লোড ই এক বৃহৎ প্ৰশ্ন।

ৰাইজৰ প্ৰশ্ন ৰাজহ ফাঁকি দি শিল বালি লুণ্ঠন কৰি থকা কৰ্ম কেতিয়া বন্ধ কৰিব আৰক্ষী তথা বন বিভাগে।

নে কোনোবা ৰাজনৈতিক নেতা ? নে কোনো আমোলা বিষয়া জড়িত হৈ এই লুণ্ঠন চলাই গৈছে ই এক ৰহস্যৰ বিষয়।