ঘৰৰ ল’ৰা ঘৰলৈ উভতিছে; কংগ্ৰেছত আনন্দৰ বন্যা

75

মহাৰাষ্ট্ৰ কংগ্ৰেছত আজি আনন্দৰ উজান। কাৰণ, ঘৰৰ ল’ৰা আজি ঘৰলৈ উভতিছে। ২০১৪ চনত মোডী ঢৌৱে সমগ্ৰ দেশ কঁপাই তোলাৰ সময়তে কংগ্ৰেছ এৰি বিজেপিত যোগ দিছিল মহাৰাষ্ট্ৰ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা সুনীল দেশমুখে। কিন্তু বিজেপিত ৭ বছৰীয়া অভিজ্ঞতা অৰ্জন কৰি অৱশেষত শনিবাৰে পুনৰ কংগ্ৰেছত যোগ দিয়ে সুনীল দেশমুখে। তাৰ পিছতে মহাৰাষ্ট্ৰ কংগ্ৰেছৰ অগণন কৰ্মকৰ্তাই আনন্দ মুখেৰে আদৰণি জনাই প্ৰাক্তন মন্ত্ৰীগৰাকীক।

উল্লেখ্য যে, কংগ্ৰেছত থকা সময়ত ২০০৪ চনত মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল সুনীল দেশমুখে। কিন্তু মোডী ঢৌৰ মাজতে কংগ্ৰেছৰ বিৰুদ্ধে উচিত মৰ্যাদা প্ৰদান নকৰাৰ অভিযোগ তুলি তেওঁ বিজেপিত যোগদান কৰে। বিজেপিত যোগদান কৰিও কোনো বিশেষ পদবী লাভ নকৰাত সুনীল দেশমুখে অৱশেষত পুনৰ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সৈতে যোগাযোগ আৰম্ভ কৰে আৰু ৰাহুল গান্ধীৰ জন্মদিনটোতেই তেওঁ গেৰুৱা বসন এৰি কংগ্ৰেছলৈ উভতি আহে।