দুৰ্নীতিৰ বিৰুদ্ধে চলোৱা অভিযানত ৰাজ্যত গ্ৰেপ্তাৰ আন এগৰাকী আৰক্ষী বিষয়া।
এইবাৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত লখিমপুৰ জিলাৰ এজন উপ-পৰিদৰ্শক।
ধৃত বিষয়াজনক লখিমপুৰ জিলাৰ পানীগাঁও থানাৰ মেৰাফত আলী বুলি জানিব পৰা গৈছে।
এটা অপৰাধমূলক গোচৰত জামিন মঞ্জুৰ কৰিবলৈ থানাত অভিযোগকাৰীৰ পৰা উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ হয় এছ আই জন।
ইয়াৰ পূৰ্বে ৩ অক্টোবৰত অসমৰ হাইলাকান্দি জিলাৰ এগৰাকী সহকাৰী উপ-পৰিদৰ্শকক উৎকোচৰ অভিযোগত সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ চোৰাংচোৱাই গ্ৰেপ্তাৰ কৰিছিল।
ধৃত বিষয়াজনক হাইলাকান্দি জিলাৰ আব্দুল্লাপুৰ আৰক্ষী টহলদাৰী চকীৰ হিতুষ নাথ বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।
