ঘোচ লৈ পুনৰ গ্ৰেপ্তাৰ লাট মণ্ডল…

248

ঘোচ লৈ পুনৰ গ্ৰেপ্তাৰ আন এগৰাকী লাট মণ্ডল। শুকুৰবাৰে যোৰহাট জিলাৰ যোৰহাট ৰাজহ চক্ৰৰ লাট মণ্ডল আব্দুল বাকি শ্বেখ উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে দুৰ্নীাতি নিবাৰক শাখাই।

অভিযোগকাৰীৰ পৰা উৎকোচৰ ধন গ্ৰহণ কৰি থকা অৱস্থাত নিজৰ বাসগৃহত হাতে লোটে গ্ৰেপ্তাৰ কৰে লাট মণ্ডলজনক।

আৰক্ষীৰ মতে, শ্বেখে ভূমি সম্পৰ্কীয় নথি-পত্ৰ প্ৰক্ৰিয়াকৰণৰ বাবে অভিযোগকাৰীৰ পৰা উৎকোচৰ ধন দাবী কৰিছিল।

ইফালে, তেওঁৰ বিৰুদ্ধে সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

ৰাজ্যজুৰি সকলো ধৰণৰ দুৰ্নীতিৰ কাৰ্যকলাপ ৰোধ কৰিবলৈ অসম আৰক্ষীৰ লগতে দুৰ্নীতি বিৰোধী কোষটোৱে কঠোৰ সতৰ্কতা অৱলম্বন কৰিছে। যোৱা কেইমাহমানৰ ভিতৰত বহু ৰাজ্য চৰকাৰৰ বিষয়াই উৎকোচ গ্ৰহণ কৰি থাকোঁতে ৰঙা হাতেৰে ধৰা পৰিছিল।