নলবাৰী:- ৰাজ্যৰ নৈপৰীয়া ৰাইজক বানে জুৰুলা কৰি অহা সময়তে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বুৰবুৰীত নোনা নৈৰ মথাউৰি যোৱা ৩১ জুলাইত ছিঙি অঞ্চলটোৰ ৰাইজক আলাই -আথানি কৰিছিল।সিদিনাখনে নলবাৰী বিধায়ক অশোক শৰ্মাই বুৰবুৰীৰ নোনা নৈৰ ভগ্ন মথাউৰি পৰিদৰ্শন কৰি জলসম্পদ বিভাগকে সকলো ৰাইজকে হাতে কামে মথাউৰি নিৰ্মাণ কাৰ্যত লাগিবলৈ দিয়াৰ লগতে নিজেও বাঁহৰ পৰ্কিউপাইন মাৰিবলৈ নৈত নামি কাম কৰাৰ লগতে শীঘ্ৰে নিৰ্মাণ কাৰ্য সম্পন্ন কৰিবলৈ জল সম্পদ বিভাগ নলবাৰীস্থ কাৰ্যলয়ক চোকা নিৰ্দেশ দিছিল।
লগে লগে নলবাৰী জলসম্পদ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ চেতিয়াই স্থানীয় ৰাইজৰ হতুৱাই ক্ষিপ্ৰতাৰে এই ভগ্ন মথাউৰিছোৱাৰ নিৰ্মাণ কাৰ্য আৰম্ভণী কৰিছিল।আৰু মাত্ৰ সাত দিনৰ ভিতৰতে উক্ত মথাউৰিটোৰ নিৰ্মাণ কাৰ্য ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰে।
ইফালে আজি উক্ত মথাউৰিছোৱা নিৰ্মাণ কাৰ্য নলবাৰী বিধায়ক অশোক শৰ্মা আৰু নলবাৰী জিলা উপায়ুক্ত পূৰৱী কোঁৱৰে পৰিভ্ৰমণ কৰি সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে নলবাৰী জলসম্পদ বিভাগ আৰু স্থানীয় ৰাইজৰ শলাগ লয়।
আজি এই পৰিভ্ৰমণ কালত সংগ দিয়ে নলবাৰী জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা প্ৰতুল পাটোৱাৰী,সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ চেতিয়া,ঘগ্ৰাপাৰ ৰাজহ চক্ৰ বিষয়া নন্দিতা হাজৰিকা,বড়িগোগ বনভাগ মন্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা আদিয়ে। উল্লেখ্য যে মথাউৰিছোৱাৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাত বুৰবুৰী,কঞাজেনী,বৰজাৱৰিহাটী,নিজখগটা গাঁৱৰ লগতে বনভাগ – বৰভাগ অঞ্চলৰ অৰ্ধশতাধিক গাঁও কৃষক ৰাইজ অলপ হলেও সকাহ পাব বুলি সচেতন ৰাইজে মতপোষণ কৰিছে।