গৰুখুটিৰ হিংসাত্মক কাণ্ড সন্দৰ্ভত আলোচনাৰ বাবে আজি গুৱাহাটীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে জামাত-ই-ইছলামী হিন্দ আৰু জমিয়ত উলেমা-ই-হিন্দৰ যুটীয়া প্ৰতিনিধি দলে। এই সাক্ষাতৰ পাছত সংবাদ মাধ্যমৰ সন্মুখত সন্তুষ্টি ব্যক্ত কৰে জামাত-ই-ইছলামী হিন্দৰ ৰাষ্ট্ৰীয় সম্পাদক শফি মাদানীয়ে।
দৰাচলতে, বৃহস্পতিবাৰে আৰক্ষীয়ে চিপাঝাৰৰ গৰুখুটিত বেদখলকাৰীসকলক স্থানান্তৰ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত গুলীচালনা কৰে, যাৰ ফলত দুজন লোক নিহত হয়। আৰক্ষীৰ সৈতে সংঘৰ্ষত আৰক্ষীসহ প্ৰায় ১১ জন লোক আহত হৈছিল। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও শুক্ৰবাৰে হিংসাত্মক ঘটনাৰ বিষয়টোৰ ন্যায়িক তদন্তৰ নিৰ্দেশ দিয়ে। একে সময়তে, তেওঁ উচ্ছেদ অভিযান অব্যাহত থাকিব বুলিও মন্তব্য কৰে।
আনহাতে চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ৰ পিছতে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। আনকি পাকিস্তানেও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখা যায়। বিভিন্ন জনে এয়া সংখ্যালঘুৰ ওপৰত চৰকাৰৰ আক্ৰমণ বুলি অভিহিত কৰাৰ পিছতে সমগ্ৰ ঘটনাটোৰ ধৰ্মীয় মেৰুকৰণ হৈ পৰে।
তাৰ মাজতে আজি জামাত-ই-ইছলামী হিন্দ আৰু জমিয়ত উলমা-ই-হিন্দৰ এটা যুটীয়া প্ৰতিনিধি দলে এই বিষয়টোত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে আৰু তেওঁৰ সৈতে কথা পতাৰ পিছত সন্তুষ্ট দেখা যায়।
