গৰীব কল্যাণ আচনিৰ পৰা অসম বঞ্চিত কিয়?

128

ষ্টাফৰিপৰ্টাৰ, ভাৰতৰ জনগণৰ মাজত ধৰ্মৰ ভিক্তিত বিভাজনৰ ৰাজনীতি কৰাৰ পাছত এইবাৰ কেন্দ্রৰ চৰকাৰ লিপ্ত হ’ল ৰাজ্য ভিক্তিত বিভাজনৰ ৰাজনীতিত। শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰে লকডাউন পৰবৰ্তী পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে ৫০ হেজাৰ কোটি টকাৰ গৰীৱ কল্যাণ আঁচনি নামৰ এখন আঁচনি গ্ৰহণ কৰিছে আৰু এই আঁচনিখনে মাত্র ৬ খন ৰাজ্যহে সামৰি লৈছে। এই ৬ খন ৰাজ্য হৈছে উত্তৰপ্ৰদেশ, বিহাৰ, মধ্যপ্ৰদেশ, ঝাৰখণ্ড, ৰাজস্থান আৰু উৰিষ্যা। অসমকে ধৰি বহু কেইখন ৰাজ্যক এই আঁচনিয়ে সামৰি লোৱা নাই।অসমক সামৰি নোলোৱা কাৰ্য দুৰ্ভাগ্যজনকেই নহয় উদ্বেগজনকো। কেন্দ্ৰীয় চৰকাৰৰ এই আঁহফলা সিদ্ধান্তক তীব্র ভাষাৰে গৰিহণা দিছো আৰু এই আঁচনিত অসমক সামৰি ল’বলৈ দাবী জনাইছো।
উল্লেখযোগ্য যে বৰ্হিৰাজ্যত কাম কৰা অসমৰ শ্ৰমিকৰ সংখ্যা কেইবা লাখ আৰু গ্ৰামাঞ্চলত এই সকলে অৰ্থনৈতিক গতিশীলতা অনাত যথেষ্ট বৰঙণি যোগাইছিল। কিন্তু এতিয়া তেওঁলোকৰ উপাৰ্জনৰ পথ সম্পূৰ্ণ বন্ধ হৈ পৰাৰ পৰিপ্ৰেক্ষিতত গৰীৱ কল্যাণ আচনিত অসমক অন্তৰ্ভুক্ত কৰাটো জৰুৰী আছিল।সততে অসমীয়া গামোচা ডিঙিত মেৰিয়াই থকা প্ৰধানমন্ত্ৰী গৰাকীয়ে কাৰ্যক্ষেত্ৰত অসমক বঞ্চিতহে কৰিলে।এনে বাহ্যিক ফোপোলা প্ৰেম অসমে প্ৰকৃততেই নিবিচাৰে। নিবিচাৰে। ক’ভিড১৯ নিয়ন্ত্ৰণত শোচনীয় ভাবে ব্যৰ্থ হোৱা কেন্দ্ৰীয় চৰকাৰখনে এতিয়া এই ব্যৰ্থতা ঢাকিবলৈ ৰাজ্যসমুহৰ মাজত বিভাজনৰ নিকৃষ্ট ষড়যন্ত্ৰত লিপ্ত হৈছে। আমি জনাত ৬ খন ৰাজ্যক লৈ ভাৰতবৰ্ষত কোনো প্ৰশাসনিক অঞ্চল নাই আৰু কভিড-১৯ ৰ বাবে সাংঘাতিক ক্ষতিগ্রস্ত এলেকা বুলিও এই ৰাজ্যকেইখন ঘোষিত হোৱা নাই। সমাগত বিহাৰৰ নিৰ্বাচন যে এই আচঁনিৰ অন্যতম লক্ষ্য তাত কোনো সন্দেহ নাই। মই দৃঢ়তাৰ কঁও যে কেন্দ্রীয় চৰকাৰৰ এই সিদ্ধান্ত সম্পূর্ণ ৰাজনৈতিক উদেশ্যে প্ৰনোদিতমূলক। এই সিদ্ধান্তৰ ফলত ভাৰতবৰ্ষত আঞ্চলিক বৈষম্যক বিধিগত স্বীকৃতি দিয়া হ’ল আৰু নতুন ৰূপৰ বিভাজনকামী ৰাজনীতিৰ আগমন হ’ল। এই সিদ্ধান্ত দেখ্দেখ্ ভাৰতীয় সংবিধানৰ ফেডাৰেলবাদৰ উলংঘন। কোনো এটা সমস্যাৰ সমাধান কৰিব নোৱাৰা আৰু কেৱল সংবাদমেলত গদা ঘুৰাই থকা অসম বিজেপিৰ বহুবল্কী মন্ত্রীসকলে এতিয়া চকুমুদা কুলিৰ ভাও ধৰি মুখত হিন্দী বলয় ভাৰতৰ মন্ত্ৰ জপি থকা কাৰ্য সচাকৈয়ে লজ্জাকৰ আৰু হাস্যকৰ।অসমক এই গৰীৱ কল্যাণ আচনিত সামৰি লোৱাৰ বাবে প্ৰবল দাবী উত্থাপন কৰিবলৈ অসমৰ ৰাইজক আহ্বান জনাইছো বুলি কয় কা বিৰোধী সমন্বয় সমিতিৰ সভাপতি
ড০ হীৰেন গোহাই আৰু মুখ্য সমন্বয়ক দেবেন তামুলীয়ে।