গ্ৰাহকক দেহ বিক্ৰী কৰিবলৈ অমান্তি হোৱাৰ বাবে হত্যাৰ বলি হ’ল ৰিজ’ৰ্টৰ ৰিচিপশ্যনিষ্ট! বিজেপি নেতাৰ পুত্ৰসহ ৩ জনক গ্ৰেপ্তাৰ

93

এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে উত্তৰাখণ্ডৰ ঋষিকেশ জিলা। দেহ বিক্ৰী কৰিবলৈ মান্তি নোহোৱাৰ বাবেই ৰিজ’ৰ্টত কৰ্মৰত এগৰাকী ৰিচিপশ্যনিষ্টক নিৰ্মমভাৱে হত্যা কৰাৰ ঘটনাই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।

এই হত্যাৰ অভিযোগত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিজেপি বিধায়কৰ পুত্ৰ সহ তিনিজনক। ৰিজ’ৰ্টৰ স্বত্বাধিকাৰ তথা বিজেপি বিধায়কৰ পুত্ৰয়েই পৰিকল্পতিভাৱে যুৱতীগৰাকীক হত্যা কৰা বুলি তদন্তত পোহৰলৈ আহিছে।

জানিব পৰা মতে, উত্তৰাখণ্ডৰ যমকেশ্বৰ বিধান সভাৰ কৌড়িয়া গাঁৱত অৱস্থিত বনন্তৰা ৰিজ’ৰ্টত ৰিচিপশ্যনিষ্ট হিচাপে কৰ্মৰত আছিল অংকিতা ভাণ্ডাৰী নামৰ ১৯ বৰ্ষীয় যুৱতীগৰাকী। কিন্তু ৫ দিন পূৰ্বে হঠাৎ সন্ধানহীন হয় অংকিতা ভাণ্ডাৰী।

যুৱতীগৰাকীৰ সন্ধানহীনতাক লৈ পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত চলাওতেই পোহৰলৈ হত্যাৰ ৰহস্য। অংকিতা ভাণ্ডাৰীয়ে ৰিজ’ৰ্টত দেহ বিক্ৰী কৰিবলৈ অস্বীকাৰ কৰাৰ বাবেই নৃশংসভাৱে হত্যা কৰা হোৱা বুলি আৰক্ষীৰ তদন্তত পোহৰলৈ আহে।

আনহাতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৰিজ’ৰ্টখনৰ স্বত্বাধিকাৰ তথা উত্তৰাখণ্ডৰ প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী বিনোদ আৰ্য, মেনেজাৰ সৌৰভ ভাস্কৰ আৰু অংকিতক গ্ৰেপ্তাৰ কৰি জেৰা চলাওতে তিনিওজনে হত্যাৰ কথা স্বীকাৰ কৰে।

হত্যাকাৰী কেইজনে স্বীকাৰ কৰা মতে, অংকিতাই ৰিজ’ৰ্টলৈ অহা গ্ৰাহকৰ ওচৰত দেহ বিক্ৰী কৰিবলৈ অস্বীকাৰ কৰিছিল। যাৰ তিনিওজনে মিলি অংকিতাক হত্যা কৰে আৰু মৃতদেহটো চিলা শক্তি খালত পেলাই দিয়ে।

অভিযুক্তৰ এই স্বীকাৰোক্তিৰ পিছতে আৰক্ষীয়ে চিলা শক্তি খালত যুৱতীগৰাকীৰ মৃতদেহ বিচাৰি এছডিআৰএফ বাহিনীৰ সহযোগত অভিযান চলাই উদ্ধাৰ কৰা হৈছে অংকিতাৰ মৃতদেহটো।

অন্যহাতে এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ঋষিকেশত। ঘটনাৰ পিছতে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ নিৰ্দেশত বুলড’জাৰ চলাই ভাঙি পেলোৱা হয় বিজেপি নেতাৰ পুত্ৰ পুলকিত আৰ্যৰ ৰিজ’ৰ্টখন।