ষ্টাফৰিপোৰ্টাৰ, ২০ এপ্ৰিল : ধুবুৰী জিলাৰ গৌৰীপুৰৰ বিশিষ্ট সমজাকর্মী, হিন্দী দৈনিক বাতৰি কাকত পূৰ্বোদয়ৰ সাংবাদিক সন্তোষ আগৰৱালাৰ পিতৃ কিশোৰী লাল আগৰৱালাৰ গুৱাহাটীৰ ৰহমান হাস্পতালত দেওবাৰে পুৱা ৫.৩০ বজাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ। মৃত্যুৰ সময়ত তেওঁ পত্নী, পাঁচ গৰাকী পুত্ৰ, এগৰাকী জীয়ৰী, নাতি- নাতিনীক এৰি যায়। গুৱাহাটীৰ ভূতনাথ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ থকা কিশোৰী লাল আগৰৱালাৰ মৃত্যুত গৌৰীপুৰ শ্মশান মন্দিৰ কমিটিৰ সচিব মৃন্ময় অধিকাৰী, শংকৰদেৱ শিশু নিকেতনৰ প্ৰধানাচাৰ্য প্ৰমেথশ ৰায়, শংকৰদেৱ শিশু নিকেতনৰ পৰিচালনা কমিতি, গৌৰীপুৰ মহামায়া মন্দিৰৰ সচিব প্ৰবীৰ কুমাৰ বৰুৱা আদিয়ে গভীৰ শোক প্ৰকাশ কৰে আৰু শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
Latest article
প্ৰচণ্ড বৰষুণৰ মাজতো গুৱাহাটীবাসীক আপ্লুত কৰিলে জে কে টায়াৰে আয়োজন কৰা ইণ্ডিয়ান ৰেচিং ফেষ্টিভেলে
হঠাতে হোৱা ধুমুহা-বৰষুণক নেওচি জে কে টায়াৰে আইআইটি গুৱাহাটী চৌহদত আয়োজন কৰা ইণ্ডিয়ান ৰেচিং ফেষ্টিভেলে মটৰস্পৰ্টৰ আকৰ্ষণীয় ৰূপ আৰু যুৱ শক্তিৰ এক ৰোমাঞ্চকৰ মিশ্ৰণেৰে...
বিচিচিআইৰ কেন্দ্ৰীয় চুক্তিত ৰোহিত-কোহলী শীৰ্ষ শ্ৰেণীত স্থান
ভাৰতৰ টেষ্ট আৰু এদিনীয়া দলৰ অধিনায়ক ৰোহিত শৰ্মা আৰু তাৰকা বেটছমেন বিৰাট কোহলীক সোমবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বিচিচিআই) প্ৰকাশ কৰা চুক্তিবদ্ধ খেলুৱৈৰ তালিকাৰ...
২২ এপ্ৰিলত লক্ষ্ণৌ চুপাৰ জায়াণ্টছৰে মুখামুখি দিল্লী কেপিটেলছৰ
দিল্লী কেপিটেলছে মঙলবাৰে ইয়াত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত (আই পি এল) লক্ষ্ণৌ চুপাৰ জায়াণ্টছৰ সৈতে মুখামুখি হ'ব। এই খেলখনত দিল্লীয়ে আশা কৰিব যে তেওঁলোকৰ প্ৰাৰম্ভিক...