গৌৰীপুৰত উন্নতজাতৰ চোৰাং গৰু সহ পাঁচ জনকৈ চোৰাং গো-সৰবৰাহকাৰীক আটক

65

গৌৰীপুৰত উন্নতজাতৰ চোৰাং গৰু সহ পাঁচ জনকৈ চোৰাং গো-সৰবৰাহকাৰীক আটক

কাৰ ছত্ৰছায়াত ধুবুৰী জিলাত আকৌ গা – কৰি উঠিছে চোৰাং গৰুৰ ৰমৰমীয়া চোৰাং বেহা ৷ ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত ৰমৰমীয়া বাবে চলি আছে চোৰাং গৰুৰ অবৈধ বেহা ৷ বহিঃৰাজ্য পশ্চিম বংগৰ পৰা প্ৰতিদিনে ন- ন কৌশল অৱলম্বন কৰি অসম আৰক্ষীৰ চকুত ধুলি দি অসমৰ ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলে দি চলাই আছে চোৰাং গৰুৰ অবৈধ বেহা। আজি গৌৰীপুৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পোম খেদি এখন গৰু কঢ়িওৱা অনা বলেৰো পিক আপ ভেন সহ ৬ টাকৈ উন্নতজাতৰ গৰু সহ পাঁচ জন কৈ গৰু সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে। গৌৰীপুৰ আৰক্ষী থানাৰ টাউন উপ পৰিদৰ্শক কপিল চন্দ্ৰ দাসৰ নেতৃত্বত চলিছিল অভিযান।অভিযানত গৰু কঢ়িওৱা গাড়ী খন আটক কৰিবলৈ সক্ষম হয ৷ আটকাধীন গাড়ী খনৰ নম্বৰ হৈছে AS-17B /8773 । ধৃত গো-সৰবৰাহকাৰী কেইজন হৈছে আমিনুৰ ইছলাম (৩০) হাফিজুৰ ৰহমান (৫০), আব্দুৰ ৰহমান (২০) মাজম আলী ভূঁইয়া (৪৫) আৰু ৰমেশ দাস (৩২)। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্য উদঘাটনৰ বাবে তদন্ত অব্যাহত ৰাখিছে ।