গোৱালপাৰাত বন বিভাগৰ বৃহৎ উচ্ছেদ অভিযান

131

গোৱালপাৰাৰ ভালুকডুবিৰ ৩৬ টাকৈ পৰিয়ালক উচ্ছেদ কৰে বন বিভাগে৷ উল্লেখ্য যে ভালুকডুবিত বন বিভাগৰ ভূমি বেদখল কৰি অবৈধভাৱে বসবাস কৰি আহিছিল এই পৰিয়ালকেইটাই৷ আটাইকেইটা পৰিয়ালক আজি উচ্ছেদ কৰি বেদখলমুক্ত কৰিলে বগুলামাৰী বন সংৰক্ষিত এলেকা ৷

বগুলামাৰী বন সংৰক্ষিত এলেকাৰ প্ৰায় ৫ হেক্টৰ ভূমি অবৈধভাৱে দখল কৰি বসবাস কৰি আহিছিল ৷ আজি জিলা প্ৰশাসনৰ সহযোগত বন বিভাগে বিশাল আৰক্ষী বাহিনী লৈ এক্সেভেটৰৰে উচ্ছেদ অভিযান চলায় ৷