গোৱালপাৰাত জেহাদীৰ সন্দেহত মছজিদৰ ইমামসহ দুজনক আটক

489

বাংলাদেশৰ আল কায়দা নেটৱৰ্কৰ অংশস্বৰূপ সন্ত্ৰাসবাদী সংগঠন আনছাৰুল্লাহ বাংলা টিম (এবিটি)ৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত গোৱালপাৰা আৰক্ষীয়ে শনিবাৰে মছজিদৰ এজন ‘ইমাম’কে ধৰি দুজন লোকক আটক কৰে।

কিন্তু এই সন্দৰ্ভত এতিয়াও আৰক্ষীয়ে কোনো তথ্য সদৰী কৰা নাই।

আটক কৰা লোক কেইজন হৈছে ডাকাইদালৰ আব্দুছ সোবাহন আৰু মাটিয়া অঞ্চলৰ জালাল উদ্দিন।

জানিব পৰা মতে আব্দুছ সোবাহান টিংকোনিয়াপাৰা মছজিদৰ ‘ইমাম’ আৰু টিনকোনিয়াপাৰা মাদ্ৰাছাৰ শিক্ষক।

শনিবাৰে পুৱা আৰক্ষীয়ে জালাল উদ্দিনক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে শুকুৰবাৰে নিশা মছজিদত নামাজ পঢ়ি আব্দুছ ছ’বাহানক গ্ৰেপ্তাৰ কৰে।

বৰ্তমান দুয়োজনকে গোৱালপাৰা আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

ইফালে মছজিদৰ ব’ৰ্ড আৰু ‘ইমাম’ৰ পৰিয়ালে আব্দুছ ছ’বাহানক দোষী সাব্যস্ত কৰিলে ‘উচিত শাস্তি’ দিয়াৰ আহ্বান জনায়। অন্যথা ততাতৈয়াকৈ মুকলি কৰি দিবলৈ আৰক্ষীক আহ্বান জনায়।