গোৱালপাৰাত আৰক্ষীৰ পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা কৰা অপহৰণকাৰীলৈ গুলিচালনা

82

গোৱালপাৰাত আৰক্ষীৰ চকুত ধূলি দি পলায়নৰ চেষ্টা কৰা অপহৰণকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলিচালনা। যাৰ ফলত ভৰিত গুলি লাগি আঘাতপ্ৰাপ্ত হয় ছাবদাম মাৰাক ওৰফে চাদ্দাম হুছেইন নামৰ অপহৰণকাৰীজন।

উল্লেখ্য যে, ছাদ্দাম হুছেইনৰ নেতৃত্বত যোৱা ৯ নৱেম্বৰত কৃষ্ণাইৰ পৰা অপহৰণ হৈছিল জিলাখনৰে কাৰাইখোৱা দেউধুতুৰী গাঁৱৰ ৰবিউল হুছেইন নামৰ লোকজন। লোকজনক সোশৰীৰে মেঘালয়ৰ পৰা উদ্ধাৰ কৰাৰ পিছত আৰক্ষীয়ে ছাদ্দাম হুছেইনক লগত লৈ আন এটা অপহৰণকাৰীক কৰায়ত্ত কৰিবলৈ যাওঁতেই আৰক্ষীৰ হাতৰ পৰা পিষ্টল কাঢ়ি লৈ পলাবলৈ চেষ্টা কৰিছিল ছাদ্দাম হুছেইন। ধৃত অপৰাধীজনৰ ঘৰ মানকাচৰৰ সুখচৰত।

ইফালে, আহত ছাদ্দাম হুছেইনক নিশাই গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অপহৰণৰ মূল মাষ্টাৰমাইণ্ড ছাদ্দাম হুছেইনৰ উপৰিও ইয়াৰ লগত জড়িত আন পাঁচজন অপহৰণকাৰীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাৰ নেতৃত্বত অপহৃত লোকজনৰ উদ্ধাৰৰ বাবে অভিযান চলাইছিল আৰক্ষীয়ে।