গোৱালপাৰা জিলাত আৰক্ষীৰে সংঘৰ্ষৰ পিছতে গ্ৰেপ্তাৰ দুটা দুৰ্ধৰ্ষ ডকাইত।
গোৱালপাৰাৰ টিপলাইত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই ঘটনা।
গোপন খবৰৰভিত্তিত নিশা প্ৰায় ১১ বজাত টিপলাই কাহিবাৰীত চাৰিজনীয়া ডকাইতৰ এটা দলে যাত্ৰা কৰি থকা AS 22F 5594 নম্বৰৰ এখন বাহন আৰক্ষীয়ে আটক কৰে।
বিপদ অনুভৱ কৰি আৰক্ষীৰ ওপৰত গুলীচালনাৰ আশ্ৰয় লয় ডকাইতৰ দলটোৱে। বন্দুকৰ যুঁজৰ পিছতে দুজন ডকাইতে সেই স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়।
ইফালে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুজন ডকাইতক। ধৃত দুয়োটা ডকাইতক ছানিদুল ইছলাম আৰু বাহাৰুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।
