গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড

72

শুকুৰবাৰে পুৱা গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। চিকিৎসালয়খনৰ চাইল্ড কেয়াৰ ইউনিটত সংঘটিত হয় এই অগ্নিকাণ্ড।

জানিব পৰা মতে, অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত চিকিৎসালয়ৰ চাইল্ড কেয়াৰ ইউনিটত কমেও ১৪টি সদ্যজাত শিশু চিকিৎসাধীন হৈ আছিল।

অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হয় আৰু জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

অৱশ্যে, জুই লগাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।