গোৱালপাৰত আৰক্ষীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত, কেইবাজনো জোৱান আহত

97

বুধবাৰে পুৱা গোৱালপাৰা জিলাৰ এখন আৰক্ষীৰ ভ্যান নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা বাগৰি পৰাত এজন অভিযুক্ত সহিতে কেইবাজনো আৰক্ষী জোৱান আহত হয়।

জিলাখনৰ দুধনৈ অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনা।

মেঘালয়ৰ পশ্চিম গাৰো পাহাৰৰ পৰা কৰায়ত্ত কৰা অভিযুক্তজনৰ উপৰিও ভ্যানখনত মহিলাসহ মুঠ ছয়জন আৰক্ষী জোৱান আছিল।

জানিব পৰা মতে, চালকজনৰ টোপনি লগাৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হয়।

পিছত আহত আটাইকেইজনক চিকিৎসাৰ বাবে এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। পুখুৰীত পৰি থকা আৰক্ষীৰ ভ্যানখনো ক্ৰেনৰ সহায়ত উলিয়াই অনা হয়।