গোৰেশ্বৰত আফ্ৰিকান ছোৱাইন ফ্লুৰ আতংকঃ অৰ্ধশতাধিক গাহৰি নিধন

68

আফ্ৰিকান ছোৱাইন ফ্লুৰ আতংকই মাধমাৰ শোধাইছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গাহৰি পালকসকলক। বাক্সা জিলাৰ গোৰেশ্বৰতো আফ্ৰিকান ছোৱাইন ফ্লুৰ প্ৰভাৱে বহু গাহৰি পালকক চিন্তাত পেলাইছে। গোৰেশ্বৰৰ মুকুন্দপুৰ-কাড়িপাৰা গাঁৱত আফ্ৰিকান ছোৱাইন ফ্লুত আক্ৰান্ত হৈ ৪৪টাকৈ গাহৰি মৃত্যুমুখত পৰাৰ পিছতে অঞ্চলটোৰ এক কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত এতিয়া গাহৰি নিধনযজ্ঞ চলাইছে পশু চিকিৎসা বিভাগ আৰু জিলা প্ৰশাসনে।

গোৰেশ্বৰত আফ্ৰিকান ছোৱাইন ফ্লুলৰ প্ৰভাৱৰ বাবে শনিবাৰে জিলা প্ৰশাসন আৰু পশু চিকিৎসা বিভাগে ৩২টাকৈ গাহৰি নিধন কৰে। উল্লেখ্য যে, গাহৰি নিধনৰ বিৰোধিতাকে প্ৰথমাৱস্থাত গাহৰি পালকসকলে জিলা প্ৰশাসনক বাধা প্ৰদান কৰে যদিও পৰৱৰ্তী সময়ত গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়া কোকিলা গগৈয়ে তেওঁলোকক ক্ষতিপূৰণ প্ৰদান কৰা হব বুলি আশ্বাস প্ৰদান কৰাৰ পিছত সকলো ক্ষান্ত হয়।

আনহাতে যিসকল লোকে গাহৰিবোৰ লুকুৱাই অথবা বিক্ৰী কৰিছে, তেনে লোকসকলৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।