গোসাঁইগাঁৱত বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট জব্দ

67

গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে কোটি টকাৰ অধিক ৭৫ কাৰ্টন বৈদেশিক চিগাৰেট জব্দ কৰিবলৈ সক্ষম হয়।

এক গোপন তথ্যৰ ভিত্তিক শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পল লালহেমছেঙৰ নেতৃত্বত আৰক্ষীৰ এটা দলে মঙ্গলবাৰে মাজৰাতি শ্ৰীৰামপুৰস্থিত নাকা চকীত তালাচী চলাই UP 22 T 4655 নম্বৰৰ দহচকীয়া ট্ৰাক অসমৰ পৰা পশ্চিম বংগলৈ যোৱাৰ সময়ত শ্ৰীৰামপুৰ ৰাষ্ট্ৰীয় ঘাইপথত ধৰিবলৈ সক্ষম হয়। পাছত আৰক্ষীয়ে অনুসন্ধান চলাই ট্ৰাকখনৰ পৰা নিষিদ্ধ ৭৫ কাৰ্টন কোৰিয়ান চিগাৰেট জব্দ কৰে।

শিমুলটাপু আৰক্ষী চকীৰ আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া পল লালহেমছেঙৰ বিশেষ তৎপৰতাত শিমুলটাপু আৰক্ষীয়ে এই সফলতা লাভ কৰিবলৈ সক্ষম হয়। জব্দকৃত ৭৫ কাৰ্টন কোৰিয়ান চিগাৰেটখিনিৰ বজাৰ মূল্য প্ৰায় ১.৫ কোটি টকা বুলি আৰক্ষীৰ সূত্ৰই জানিব দিয়ে। ধৃত গাড়ীৰ চালক আৰু সহকাৰী চালক ক্ৰমে উত্তৰ প্ৰদেশৰ ৰামপুৰ জিলাৰ জুলফিকৰ আলম (৩৯) আৰু আছিফ আলী (৩০)। অসমৰ নাগালেণ্ড সীমান্তবৰ্তী অঞ্চল কটকটীৰ পৰা বৈদেশিক চিগাৰেট ট্ৰাকত লোড কৰা হৈছিল আৰু উত্তৰ প্ৰদেশৰ লক্ষ্মৌলৈ লৈ যাবলৈ লৈছিল বুলি আৰক্ষীয়ে জানিব দিয়ে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও সময়ে সময়ে আন্ত: ৰাজ্যিক সীমান্ত শ্ৰীৰামপুৰত স্থাপিত শিমুলটাপু আৰক্ষী চকীৰ আৰক্ষীয়ে বিশেষ তৎপৰতাৰে কেইবা কোটি টকাৰ হিৰোইন, গাঞ্জা, সুৰা আদি জব্দ কৰিবলৈ সক্ষম হৈছে।