গোসাঁইগাঁৱত নিৰ্বাচনী ৰণডংকা বিজেপি মিত্ৰজটোৰ: মুখ্য নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় মুকলি

70

৩০ অক্টোবৰত অনুষ্ঠিত হবলগীয়া অসম বিধানসভাৰ উপ নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে প্ৰতিটো ৰাজনৈতিক দলে। প্ৰাৰ্থী ঘোষণাৰ পিছত এতিয়া সমষ্টিত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে দলসমূহে। বুধবাৰে ২৮নং গোসাঁইগাঁও সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীৰ সমৰ্থনত বিজেপি, জিএছপি, এজিপি আৰু ইউপিপিএল দলৰ নেতা-কৰ্মীসকলক লৈ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। এই সভাৰ জৰিয়তে ইউপিপিএল দলৰ প্ৰাৰ্থীক বিজয়ী কৰিবলৈ উপ-নিৰ্বাচনী পৰিচালনা সমিতি গঠন কৰে আৰু গোসাঁইগাঁৱত ইউপিপিএলৰ মুখ্য নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় মুকলি কৰে।

গোসাঁইগাঁৱত ইউপিপিএলৰ মুখ্য নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় মুকলি কৰি কোকৰাঝাৰ জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘালে কয়– বিজেপিৰ মিত্ৰদল ইউ পি পি এলৰ প্ৰাৰ্থী গোসাঁইগাঁও বিধানসভা সমষ্টিত জয়ী হোৱাটো নিশ্চিত। আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰাৰ কোনো প্ৰাৰ্থীয়ে নাই।

বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কোৱা বিজেপি-বিপিএফৰ মিত্ৰতাৰ কথা নস্যাত কৰি তেওঁ কয়– ”বিজেপি আৰু বিপিএফৰ মাজত কোনো মিত্ৰতা নাই। বৰ্তমানেও আমাৰ ইউপিপিএলৰ লগত মিত্ৰতা অটুট আছে। আজি আমি মিত্ৰদল ইউপিপিএলৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীৰ হৈ গোসাঁইগাঁৱত ইউপিপিএলৰ মুখ্য নিৰ্বাচনী প্ৰচাৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰিবলৈ আহিছোঁ। বিপিএফৰ চলাহি কথাত বিশ্বাস নকৰিবলৈ মন্ত্ৰী সিংঘালে উল্লেখ কৰে।

তেওঁ লগতে কয়– আমি ইয়াত দেখা পাইছোঁ ৰাইজে ইয়াত বিজেপি মিত্ৰজোঁটৰ বাহিৰে কোনো ৰাজনৈতিক দলক আঁকোৱালি লোৱা নাই, বিশেষকৈ সমষ্টিটোত এইবাৰ বিপিএফৰ অৱস্থা খুব বেয়া। এইবাৰ বিপিএফে নিৰ্বাচনত চতুৰ্থ স্থানত থাকিব। আমি ৭০ হাজাৰতকৈ বেছি ভোট লাভ কৰিম। পঁচিশ হাজাৰতকৈ বেছি ভোটত জিকিব আমাৰ মিত্ৰদলৰ প্ৰাৰ্থী।