গোলাঘাটৰ কছাৰীহাটত দুই ভাতৃৰ ব্ৰইলাৰ দোকানৰ পৰা উদ্ধাৰ 9mm পিষ্টল

87

গোলাঘাট জিলাৰ কছাৰীহাটত দুজন যুৱকৰ পৰা এটা 9mm পিষ্টল উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। বুধবাৰে নিশা গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিতৰ নেতৃত্বত গোলাঘাট আৰক্ষীৰ এটা দলে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই ৰফিকুল হুছেইন আৰু আখতাৰ হুছেইন নামৰ দুই ভাতৃৰ ব্ৰইলাৰ দোকানৰ পৰা পিষ্টলটোৰ লগতে ২ জাঁই সজীৱ 9mm গুলী আৰু ১০ জাঁই সজীৱ .22 গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অভিযুক্ত দুয়োজনক বৰ্তমান গোলাঘাট আৰক্ষী থানাত জেৰা চলাই থকা হৈছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে মঙ্গলবাৰে নিশা জিলাখনৰ এৰেঙাপাৰাত এজন যুৱকৰ পৰা এটা অবৈধ ভাৱে ৰখা পিষ্টল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰক্ষীয়ে। জিলাখনত দুটা দিনৰ ভিতৰত এনেদৰে দুটাকৈ পিষ্টল উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে জিলাখনত অবৈধ মৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিছে।