গোলাঘাট জিলাত কোভিডৰ দ্বিতীয় পৰ্যায়ৰ সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰিছে৷ এই পৰ্যন্ত আক্ৰান্তৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি পাইছে। আজিৰ দিনটোতে নতুনকৈ ১১ জন লোকৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে। জিলাখনত বৰ্তমান সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা ৬৪ জনলৈ বৃদ্ধি পাইছে। ইয়াৰে ৪৪ জনৰ ঘৰতে আছুতীয়াকৈ থকাৰ বিপৰীতে ২০জন লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ৩২ জন বৰ্তমান সুস্থ হৈ উঠিছে।
