গোলাঘাটত নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত পৰিল যাত্ৰীবাহী বাছ, আহত ৩৫ জন

282

গোলাঘাট জিলাত মঙলবাৰে এখন যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত বাগৰি পৰাত কমেও ৩৫ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে।

খবৰ অনুসৰি ৪০ জনতকৈ অধিক শ্ৰমিক কঢ়িয়াই নিয়া বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত বাগৰি পৰে।

চিলনীজানৰ চকীহোলা পথত পৰমেশ্বৰী চাহ বাগিচাত গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা।

ঘটনাৰ পিছতে আহত লোককেইজনক চিকিৎসাৰ বাবে গোলাঘাটৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

ইয়াৰ পূৰ্বে আজি বজালী জিলাত সংঘটিত এক পথ দুৰ্ঘটনাত দুজন লোক নিহত হোৱাৰ লগতে আন এজন আহত হয়।

কহৰা অঞ্চলৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই ৰোড ডিভাইডাৰৰ সৈতে খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।

নিহত দুজন হৈছে নিৰেন বৰ্মন আৰু নূৰ মহম্মদ আলী।