গোলাঘাট জিলাৰ সৰুপথাৰত প্ৰথম বাৰৰ বাবে উপস্থিত হয় কেন্দ্ৰীয় আইন আৰু ন্যায় বিভাগৰ মন্ত্ৰী কিৰণ ৰিজিজু ।

94

গোলাঘাট জিলাৰ সৰুপথাৰত প্ৰথম বাৰৰ বাবে উপস্থিত হয় কেন্দ্ৰীয় আইন আৰু ন্যায় বিভাগৰ মন্ত্ৰী কিৰণ ৰিজিজু । মন্ত্ৰী গৰাকী উপস্থিত হৈয়েই প্ৰথমতেই সৰুপথাৰৰ ৰেলৱে ষ্টেচনৰ সমীপৰ শুকান নলা স্থিত শ্বহীদ কুশল কোঁৱৰ স্মৃতি সৌধত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে । পৰবৰ্তি সময়ত সৰুপথাৰৰ দক্ষিণ উন্নয়ন খণ্ডৰ প্ৰক্ষাগৃহত
কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, নতুন ভোটা আৰু অঞ্চলটোৰ বিশিষ্ট ব্যক্তিৰ সৈতে মত বিনিময় অনুষ্ঠানত অংশ গ্ৰহণ কৰে মন্ত্ৰী গৰাকীয়ে । মন্ত্ৰী গৰাকীৰ লগতে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, মহকুমাটোৰ প্ৰশাসনিক বিষয়া, কেইবাজনো বিজেপিৰ জেষ্ঠ নেতা কৰ্মী উপস্থিত থাকে । মন্ত্ৰী গৰাকীয়ে শেষতীয়া অসম মেঘালয় সীমাৰ পৰিস্থিতি আৰু লোকসভা নিৰ্বাচন সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ।