গোলাঘাট জিলাৰ বাদুলিপাৰ ৰঙামাটি চেউনী গাঁৱত এখন ব্যতিক্ৰমী বিয়া

134

জেঠৰ খৰাং বতৰ৷ তাৰ মাজতে বিয়াৰ ধুমধাম ৷গোলাঘাট
জিলাৰ বাদুলিপাৰ ৰঙামাটি চেউনী গাঁৱতো হৈ গ’ল এখন ব্যতিক্ৰমী বিয়া
জেঠ মাহত গৰমত মানুহ অতিষ্ঠ হৈছে৷ বৰষুণৰ বাবে অপেক্ষা কৰোতে বৰষুণ অহা নাই৷ কৃষক শালী খেতিৰ বাবে কঠীয়া পাৰিবই পৰা নাই ৷প্ৰাচীন এক পৰমপৰাক বিশ্বাস কৰি ক’ৰবাত ক’ৰবাত ভেকুলী বিয়াও পাতিছে উল্লেখ্য যে এই বিয়াৰ পিছত বিয়া পতা এলেকাত সঁচাকৈয়ে বৰষুণো আহিছে ৷ৰাইজৰো পৰম্পৰাগত বিশ্বাস দৃঢ় হ’ল ৷ গোলাঘাট জিলাৰ বাদুলিপাৰ ৰঙামাটি চেউনী গাঁৱত ৰাইজে অসমীয়া বিবাহৰ সকলো নিয়ম অনুযায়ী বৈদিক হোম পোৰা পদ্ধতিৰে এখন ভেকুলী বিয়া পাতিলে ৷বিয়াৰ আয়োজন চলোতেই সঁচাকৈয়ে বৰষুণ আহিলে ৷ এতিয়া নেৰানেপেৰা বৰষুণ চলিছে ৷ কৃষকৰ মুখত বিৰিঙিছে হাঁহি ৷