গোলকগঞ্জৰ নৱ নিৰ্মিত দলংত ভয়ংকৰ বাইক দুৰ্ঘটনা।দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত গুৰুতৰ আহত বাইক আৰোহী দুজন।

জানিব পৰা মতে আজি ৰাতিপুৱা ১০ মান বজাত গোলকগঞ্জৰ পৰা লক্ষীমাৰী অভিমুখী AS—17 G 1483 নম্বৰৰ বাইক খনক বিপৰীত দিশৰ পৰা অহা তীব্ৰ বেগী পালছাৰ বাইক এখনে খুন্দা মাৰি প্ৰায় ৩০ মিটাৰ চোচৰি যায় ৷
ফলত পালছাৰ বাইকৰ আৰোহী সহিদুল আলী আৰু আনখন বাইকৰ আৰোহী আলমগঞ্জৰ চিৰাখোৱাৰ নৌসাদ আলী গুৰুতৰ আহত হয়।
পিছত স্থানীয় ৰাইজে দুয়োজনকে গোলকগঞ্জ খণ্ড স্বাস্থ্য কেন্দ্ৰ লৈ নিয়ে যদিও অৱস্থা সংকটজনক হোৱাত দুয়োকে উন্নত চিকিৎসাৰ বাবে ধুবুৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।
উল্লেখ্য যে পালছাৰ বাইকখন দুৰ্ঘটনাত পতিত হোৱাৰ পিছতে কোনোবা যুৱকে বাইকখন লৈ অন্তৰ্ধান হয়।
গোলোকগঞ্জৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
