শুকুৰবাৰে ধুবুৰী জিলাৰ অন্তৰ্গত গোলকগঞ্জত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা সৰবৰাহৰ সময়ত জব্দ কৰিবলৈ সক্ষম হয়।
জানিব পৰা মতে, আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত দুখন চেণ্ট্ৰ’ বাহনৰ পৰা আৰক্ষীয়ে জব্দ কৰে প্ৰায় ৬০ কেজি গাঞ্জা।
জব্দ কৰা গাঞ্জাৰ আনুমানিক বজাৰ মূল্য কেইবালাখ টকা হ’ব বুলি জানিব পৰা গৈছে।
ইফালে এই সৰবৰাহৰে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে আটক কৰিছে ৪ জন লোকক।
ধৃত সৰবৰাহকাৰী কেইজনৰ পৰিচয় মহিদুল ইছলাম, ৱাছিব হুছেইন, ৰুবুল মিশ্ৰ আৰু ৰকিব হুছেইন বুলি জানিব পৰা গৈছে।
