গেলেকীত ALISON নামৰ ব্যক্তিগত কোম্পানীৰ বিৰুদ্ধে এজাহাৰ দাখিল

257

গেলেকীত ALISON নামৰ ব্যক্তিগত কোম্পানীৰ বিৰুদ্ধে এজাহাৰ দাখিল বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আৰু বীৰ লাচিত সেনা গেলেকীৰ আঞ্চলিক সমিতিৰ ।।

ৰাজপথৰ কাষত ৰোৱা বৃক্ষ গধুৰ বাহনেৰে মহতিয়াই পেলোৱাৰ অভিযোগ কৰিছে সংগঠন কেইটাই ।।

উল্লেখযোগ্য যে বিশ্ব পৰিবেশ দিৱসৰ দিনা GGS 3 ৰ সম্মুখৰ পৰা এই দুটি সংগঠনে এক কাৰ্যসূচীৰ যোগেদি ৰোপন কৰিছিল বিভিন্ন প্ৰজাতিৰ বৃক্ষ ।।

আৰু এই বৃক্ষ বিলাকৰ নিৰাপত্তাৰ বাবে লোৰ সজাৰে সাজি দিছিল পিঞ্জিৰা ।।

লহপহকৈ বাঢ়ি আহিছে বৃক্ষসমূহ ।
তাৰ মাজতেই আজি ONGC GGS 3 ৰ পৰা ALISON নামৰ এটা কোম্পানীৰ সামগ্ৰী স্থানান্তৰ কৰাৰ সময়ত গধুৰ টেইলৰ বাহনে মহতিয়াই পেলোৱাৰ অভিযোগ উঠিছে একাংশ বৃক্ষৰ পুলি ।।

যাক লৈ এতিয়া এনেদৰে ঘটনা স্থলীত উত্তপ্ত পৰিবেশৰ সৃষ্টি হয় ।।

পৰৱৰ্তী সময়ত দুয়োটা সংগঠনৰ বিষয়ববীয়াই গেলেকী থানাত উমৈহতীয়াকৈ এজাহাৰ দাখিল কৰে কোম্পানীটোৰ বিৰুদ্ধে।