কেনেদৰে চলি আছে গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ।
স্থানীয় কেইবাখনো গাঁৱৰ একমাত্ৰ ভৰসা এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ।
কেইবাখনো গাঁৱৰ ধনী দুখীয়া সকলো শ্ৰেণীৰ লোকৰ বাবে এই স্বাস্থ্য কেন্দ্ৰই একমাত্ৰ ভৰসা ।
এসময়ত এই চিকিৎসালয়ত আছিল কেইবাগৰাকীও সুনামী চিকিৎসক ।
কিন্তু আজি তাৰিখত এই স্বাস্থ্য কেন্দ্ৰৰ পয়ালগা অৱস্থা ।
জৰুৰীকালীন কক্ষ আছে কিন্তু নাই চিকিৎসক ।
বিগত কেইবামাহো এনদৰেই চিকিৎসকৰ অবিহনেই চলি আছে জৰুৰীকালীন সেৱা ।।
নিশা ভাগত কোনো ৰোগীৰ জৰুৰীকালীন অৱস্থা উদ্ভৱ হলে বিপদ নিশ্চিত ।
কাৰণ গেলেকী স্বাস্থ্য কেন্দ্ৰত উপলব্ধ নহব জৰুৰীকালীন চিকিৎসা ।।
ইয়াৰ বাবে জগৰীয়া কোন বিচাৰ কৰিব ৰাইজে ।।
কাৰণ দীৰ্ঘসময় ধৰি দল সংগঠন তথা স্থানীয় ৰাইজে দাবী জনাই অহাৰ পাছতো চৰকাৰে লোৱা নাই কোনো সু-ব্যৱস্থা।