গেঞ্জীৰ ভিতৰত ১.৩ কেজি সোণৰ বিস্কুট সৰবৰাহ! বিমানবন্দৰত গ্ৰেপ্তাৰ যাত্ৰী

69

শুকুৰবাৰে কোচি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ শুল্ক বিভাগে গোপনে সোন সৰবৰাহ কৰা এজন যাত্ৰীক আটক কৰে। যাত্ৰীজনে পিন্ধি থকা গেঞ্জী আৰু জিনছৰ দুটা তৰপৰ মাজত লুকুৱাই আনিছিল ১.৩ কিলোগ্ৰামতকৈ অধিক সোণৰ বিস্কুট।

শুল্ক বিভাগৰ বিষয়াসকলে কয় যে, “এয়াৰপৰ্ট ইনটেলিজেন্স ইউনিটৰ (এআইইউ) বিষয়াসকলে কৰা প্ৰফাইলিঙৰ ভিত্তিত কোজিকোডৰ পৰা অহা ফাইজাছ নামৰ এজন যাত্ৰী ডুবাইৰ পৰা ৬ই ০৯৫ নং বিমানেৰে কোচি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ আহিছিল।

গ্ৰীণ চেনেলত তেওঁক বাধা দিয়া হৈছিল।” শুল্ক বিভাগৰ বিষয়াসকলে আৰু কয় যে উক্ত যাত্ৰীজনৰ পৰীক্ষাৰ সময়ত তেওঁৰ পৰা ১৩৪৭.৮১০ গ্ৰাম ওজনৰ সোণ উদ্ধাৰ কৰা হৈছে।

“উক্ত যাত্ৰীজনক পৰীক্ষাৰ সময়ত যাত্ৰীজনে পিন্ধা গেঞ্জী আৰু জিন্সৰ দুটা তৰপৰ মাজত ভৰাই অনা সোণৰ বিস্কুট উদ্ধাৰ কৰি জব্দ কৰা হয় অধিক তদন্ত চলি আছে।’- শুল্ক বিষয়াসকলে আৰু কয়।