গুৱাহাটীৰ পৰা কেইবাটাও প্ৰকল্পৰ ভাৰ্চুৱেলি আধাৰশিলা উদ্বোধন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

131

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শুকুৰবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা অসম চৰকাৰৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা ভাৰ্চুৱেলি উদ্বোধন কৰে।

ইয়াৰ ভিতৰত শিলচৰৰ মইনাৰবণ্ডত ভাৰতীয় তেল নিগম লিমিটেডৰ ৰেলহেড ডিপো উদ্বোধন আৰু দুটা ঘাইপথ প্ৰকল্প; অসমৰ চাহ বাগিচা অঞ্চলত – ১০০ খন আৰ্হি মাধ্যমিক বিদ্যালয়ৰ বাবে আধাৰশিলা স্থাপন; ৩০০০ মডেল অংগনবাড়ী কেন্দ্ৰ; দুটা ঘাইপথ প্ৰকল্প; আৰু গুৱাহাটীৰ আধুনিক কাৰ্গো-কম-কোচিং টাৰ্মিনেল। ৰাষ্ট্ৰপতিয়ে গুৱাহাটীৰ পৰা লামডিং পাছলৈ শোখুৱী (নাগালেণ্ড) আৰু মন্দিপথাৰ (মেঘালয়)লৈকে এখন ৰে’লও ফ্লেগ অফ কৰে।

এই উপলক্ষে ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে আজি আৰম্ভ হোৱা স্বাস্থ্য, শিক্ষা, ৰে’লপথ, পথ নিৰ্মাণ, পেট্ৰ’লিয়াম আৰু মহিলা সবলীকৰণৰ সৈতে জড়িত প্ৰকল্পসমূহৰ সফলতা কামনা কৰে। এই আঁচনিসমূহৰ সফল ৰূপায়ণে ব্যৱসায় আৰু কৰ্মসংস্থাপনৰ বাবে নতুন সুযোগ প্ৰদান কৰিব, পৰিবহণৰ সুবিধা বৃদ্ধি কৰিব আৰু অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনীতি শক্তিশালী কৰিব বুলি বিশ্বাস প্ৰকাশ কৰে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে উন্নত আন্তঃগাঁথনি যিকোনো ৰাজ্যৰ উন্নয়নৰ ভেটি। উত্তৰ-পূব অঞ্চল ভাৰতৰ ‘এক্ট ইষ্ট পলিচি’ৰ কেন্দ্ৰবিন্দু। কেন্দ্রীয় চৰকাৰে এই অঞ্চলত আন্তঃগাঁথনি আৰু সংযোগৰ প্রতি বিশেষ গুৰুত্ব আৰোপ কৰা বুলি উল্লেখ কৰি তেওঁ আনন্দিত হয়৷ অসমৰ উন্নয়ন সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ ইঞ্জিন হ’ব পাৰে বুলিও তেওঁ কয়৷

মুৰ্মুৱে আৰু কয় যে উত্তৰ পূৰ্বাঞ্চল প্ৰাকৃতিক সম্পদেৰে চহকী। তেওঁ উল্লেখ কৰে যে ভাৰতৰ মুঠ খাৰুৱা তেল উৎপাদনৰ ১৩ শতাংশ অসমে অৰিহণা যোগায়। লগতে ভাৰতৰ মুঠ প্ৰাকৃতিক গেছ উৎপাদনৰ ১৫ শতাংশই উত্তৰ-পূৰ্বাঞ্চলৰ পৰা আহে। আজি উদ্বোধন কৰা মইনাৰবন্দৰ অত্যাধুনিক ডিপোটোৱে সমগ্ৰ বৰাক উপত্যকাৰ লগতে ত্ৰিপুৰা, মণিপুৰ আৰু মিজোৰামৰ পেট্ৰলিয়াম সামগ্ৰীৰ প্ৰয়োজনীয়তা পূৰণ কৰাত সহায় কৰিব বুলি বিশ্বাস প্ৰকাশ কৰে।

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ পথ আৰু ৰে’ল সংযোগৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰি থকা বুলিও তেওঁ কয়। পথ আৰু ৰে’লপথৰ সৈতে জড়িত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন/উদ্বোধন কৰা হ’লে অঞ্চলটোত বাণিজ্য আৰু পৰিবহণ বৃদ্ধিৰ উপৰিও পৰ্যটনৰ সুযোগ বৃদ্ধি হ’ব বুলি বিশ্বাস প্ৰকাশ কৰে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে মহিলা আৰু শিশুৰ সুৰক্ষা আৰু সৰ্বাংগীন উন্নয়ন এক সভ্য সমাজৰ চিন। অসমৰ মহিলা আৰু শিশুৰ বাবে বিভিন্ন সেৱাসমূহক অধিক শক্তিশালী কৰাৰ বাবে আজি মুকলি কৰা ৩০০০টা মডেল অংগনবাড়ী কেন্দ্ৰ এক প্ৰশংসনীয় পদক্ষেপ। তদুপৰি চাহ বাগিচাৰ কৰ্মী সকলৰ সন্তানক উন্নত শিক্ষা প্ৰদানৰ লক্ষ্যৰে ১০০ খন আদৰ্শ মাধ্যমিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰাত আনন্দ প্ৰকাশ কৰে।