গুৱাহাটীত ৰাজ্যিক বিজেপিৰ প্ৰাসাদোপম কাৰ্যালয় উদ্বোধন

322

গুৱাহাটীত ৰাজ্যিক বিজেপিৰ কাৰ্যালয় উদ্বোধন।

শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত উদ্বোধন নৱ নিৰ্মিত কাৰ্যালয়টো।

বিজেপিৰ এই কাৰ্যালয়টোৰ নামাকৰণ কৰা হৈছে বাজপেয়ী ভৱন নামেৰে।

কেইবাকোটি টকা ব্যয়েৰে বশিষ্ঠত নিৰ্মাণ কৰা হৈছে প্ৰাসাদোপম কাৰ্যালয়টো।

ইফালে কাৰ্যালয় উদ্বোধনৰ পূৰ্বে জ্যেষ্ঠ জনৰ চৰণ ধুৱাই আশীৰ্বাদ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৰাষ্ট্ৰীয়-ৰাজ্যিক বিজেপিৰ কেইবাগৰাকীও শীৰ্ষ নেতা।

উল্লেখ্য যে, ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ৰ পিছতে বিয়লি এক বজাত খানাপাৰা খেল পথাৰত অনুষ্ঠিত হ’ব এক বিশাল জনসমাৱেশ।

প্ৰায় ৬ হেজাৰ লোকৰ উপস্থিতিত সভাত বহু গুৰুত্বপূৰ্ণ বিষয়ত জনতাক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব অমিত শ্বাহে।