গুৱাহাটী আৰক্ষীয়ে বৃহস্পতিবাৰে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই প্ৰায় ৯৭ লাখ টকা মূল্যৰ ড্ৰাগছ জব্দ কৰাৰ লগতে ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত এজনক আটক কৰিবলৈ সক্ষম হয়।
চিডিপিডিৰ এটা দলে অভিযান চলাই ৪০টা চাবোনৰ কেচত লুকুৱাই অনা ৪৮৭.২৯ গ্ৰাম হেৰ’ইন জব্দ কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য ৯৭.৪৪ লাখ টকা।
জব্দ কৰা নিষিদ্ধ সামগ্ৰী আৰু অভিযুক্তক অধিক আইনী প্ৰক্ৰিয়াৰ বাবে আৰক্ষীক গতাই দিয়ে।
