গুৱাহাটীত পুনৰ ৩ খন উৰণীয়া সেঁতু নিৰ্মাণত অনুমোদন অসম কেবিনেটৰ…

157

মঙলবাৰে অসম কেবিনেটে গুৱাহাটীত আৰু তিনিখন উৰণীয়া সেতুত অনুমোদন জনায়। বৰাক উপত্যকাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ পিছত শিলচৰত অনুষ্ঠিত সংবাদমেলত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ডাউন টাউন হাস্পতালৰ সন্মুখত, এখন কুমাৰপাৰা আৰু ফটাশিল আমবাৰীত নিৰ্মাণ হ’ব নতুন ফ্লাই অভাৰ।

মুখ্যমন্ত্রী শৰ্মাই উৰণীয়া সেতুৰ বাবে ডিপিআৰ প্রস্তুত কৰা হ’ব আৰু একেখিনি প্রস্তুত কৰিবলৈ এবছৰৰ সময় লাগিব বুলি উল্লেখ কৰে৷

ৰাজ্যৰ ইতিহাসত প্ৰথমবাৰৰ বাবে শিলচৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভাৰ বিশেষ বৈঠক অনুষ্ঠিত কৰে।

অসম চৰকাৰে চৰকাৰক ৰাইজৰ দুৱাৰমুখলৈ অনাৰ বাবে ২০২১ চনৰ ১৯ ফেব্ৰুৱাৰীত বৰাক উপত্যকাৰ তিনিখন জিলাৰ বাবে শিলচৰত নিজৰ মিনি সচিবালয় স্থাপনৰ অধিসূচনা জনাইছিল।

অৱশ্যে বৰাক উপত্যকাৰ প্ৰধান চহৰ শিলচৰত প্ৰথমবাৰৰ বাবে ৰাজ্যিক কেবিনেট বৈঠক অনুষ্ঠিত হয়।