গুৱাহাটীত পুনৰ এসপ্তাহলৈ বৃদ্ধি লকডাউন

81

ষ্টাফৰিপৰ্টাৰ, গুৱাহাটীত পুনৰ এসপ্তাহলৈ বৃদ্ধি লকডাউন।
১২ জুলাইৰ পৰা ১৯ জুলাইলৈ থাকিব লকডাউন।
১৯ জুলাইৰ সন্ধিয়া ৭ বজালৈ বলৱৎ থাকিব লকডাউন।
লকডাউনৰ নিৰ্দেশনা জাৰি কৰিলে মুখ্য সচিবে।
অব্যাহত থাকিব জৰুৰীকালীন সেৱাসমূহ।
লকডাউনৰ সময়ছোৱাত বিনা কাৰণত ঘৰৰ পৰা ওলোৱাত বাধা আৰোপ কৰা হৈছে।কেৱল স্বাস্থ্যজনিত কাৰণতে বাহিৰত ওলাব পাৰিব।কোনো বাহন চলাচল কৰিব নোৱাৰিব।ব্যক্তিগত বাহনেৰে যাতায়াতত বাধা আৰোপ কৰা হৈছে।
সকলো চৰকাৰী–ব্যক্তিগত কাৰ্যালয় বন্ধ থাকিব।
বন্ধ থাকিব ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ। কেৱল একাষৰীয়া গেলামাল দোকান খুলিব পাৰিব।
সোমবাৰৰ পৰা শুকুৰবাৰলৈ খুলিব পাৰিব গেলামাল দোকান।
পুৱা ৯ বজাৰ পৰা ৪ বজালৈ গেলামাল দোকান খোলাৰ অনুমতি।
মাক্স, হেণ্ডগ্লোবছ ব্যৱহাৰ কৰিব লাগিব গ্ৰাহক–বিক্ৰেতাই।
বন্ধ থাকিব উদ্যোগ সমূহ।
বন্ধ থাকিব ৰাজহুৱা যাতায়াত সেৱা।বন্ধ থাকিব হোটেল, ৰেষ্টুৰেণ্ট।বন্ধ থাকিব সকলো ধৰ্মীয় অনুষ্ঠান।মৃতদেহ সৎকাৰ কৰাৰ সময়ত একত্ৰিত হ’ব পাৰিব কেবল ২০জন‌।কেৱল জৰুৰীকালীন সেৱাৰ অনুমতি।ঘৰে ঘৰে বিক্ৰী কৰিব পাৰিব ফল–মূল, শাক–পাচলি।পুৱা ৮ বজাৰ পৰা বিয়লি ২ বজালৈকে এই অনুমতি‌ সোমবাৰৰ পৰা শুকুৰবাৰলৈ এই সেৱা।
অত্যাৱশ্যকীয় সামগ্ৰী আৰু ফল–মূল, শাক–পাচলিৰ ক্ষেত্ৰত ই কৰ্মাছৰ অনুমতি‌
পুৱা ১০ বজাৰ পৰা ৪ বজাৰ ভিতৰত দিয়া হৈছে অনুমতি‌
সপ্তাহত ৪ দিন খোলা থাকিব বেকাৰী। মঙলবাৰৰ পৰা শুকুৰবাৰলৈ খোলা থাকিব বেকাৰী। পুৱা ১০ বজাৰ পৰা ৪ বজালৈ খোলা থাকিব বেকাৰী। কিছু নিদিষ্ট প্ৰেট’ল ডিপো খোলা থাকিব।
গেছ চিলিণ্ডাৰ ঘৰে ঘৰে যোগান ধৰা হ’ব। উল্লেখযোগ্য যে গুৱাহাটী মহানগৰীত কৰ’না সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।