গুৱাহাটীত দিন দুপৰতে সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে। নুনমাটিৰ আৰমাণ্ড হোম ফাৰ্ণিছিং দোকানৰ সমীপত সংঘটিত হৈছে এই ঘটনা।জানিব পৰা মতে,আৰমাণ্ড হোম ফাৰ্ণিছিঙৰ কৰ্মচাৰী হুছেইন আলীৰ সৈতে ৰিতুপৰ্ণ পেগু নামৰ এজন যুৱকৰ তৰ্কা-তৰ্কি লাগে।প্ৰত্যক্ষদৰ্শীৰ অভিযোগ মতে, হুছেইন আলীয়ে ভায়েক আৰু দেউতাকৰ সৈতে লগ হৈ প্ৰথমে ৰিতুপৰ্ণ পেগুক হাতেৰ আক্ৰমণ কৰে আৰু পিছত চুৰিৰে হানি-খুচি হত্যা কৰে।ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।ইতিমধ্যে সমগ্ৰ ঘটনা চিচি টিভি কেমেৰাত বন্দী হৈছে।
জানিব পৰামতে ৰিতুপৰ্ণ পেগু চিলাপথাৰ থানাৰ অৰ্ন্তগত লুইতপুৰ নিৱাসী তথা কংগ্ৰেছ নেতা হৰিনাথ পেগুৰ কনিষ্ঠ পুত্ৰ। উচ্চতৰ মাধ্যমিক উৰ্ত্তীন হৈ বিগত তিনি বছৰ পূৰ্বৰ পৰাই গুৱাহাটীত আছিল বুলি জানিব পৰা গৈছে। এই নৃশংস ঘটনাটোৰ খৱৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ চিলাপথাৰ অঞ্চলত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। সম্প্ৰতি চিলাপথাৰস্থিত বাসগৃহত এক শোকাকূল পৰিৱেশে বিৰাজ কৰি আছে।