গুৱাহাটীত দাম বাঢ়িব গাখীৰৰ…

326

বৃহত্তৰ গুৱাহাটী দুগ্ধ পালক সন্থাই ২০২২ চনৰ ১ আগষ্টৰ পৰা প্ৰতি লিটাৰ গাখীৰত ৪ টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

গুৱাহাটীত দৈনিক মুঠ ১ লাখ ৬০ লিটাৰ গাখীৰ বিক্ৰী হৈ আছে আৰু গুৱাহাটীত ৫০০ৰো অধিক লোক গাখীৰ ব্যৱসায়ত নিয়োজিত হৈ আছে।

উল্লেখ কৰিব পাৰি যে, গাখীৰৰ দাম বৃদ্ধিৰ লগে লগে মিঠাই আৰু অন্যান্য গাখীৰৰ সামগ্ৰীৰ দামও বৃদ্ধি হ’ব পাৰে।

তদুপৰি কেন্দ্ৰই গাখীৰৰ সামগ্ৰীৰ ওপৰতো ৫% জিএছটি আৰোপ কৰিছে। প্ৰি-পেক কৰা, প্ৰি-লেবেলযুক্ত দৈ, লাছি, পনীৰ আৰু গাখীৰ ৫ শতাংশ হাৰত জি এছ টি আকৰ্ষণ কৰিব।