গুৱাহাটীত জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়নৰ আবেদনত স্বাক্ষৰ অভিযান

48
purbottar-asomiya-favicon

গুৱাহাটী: দেশত অনিয়ন্ত্ৰিত হাৰত বৃদ্ধি হোৱা জনসংখ্যা বিস্ফোৰণ ৰোধ কৰাৰ লক্ষ্যৰে “জনসংখ্যা সমাধান ফাউণ্ডেচন” উত্তৰপূব ক্ষেত্ৰৰ অনুৰোধ মৰ্মে অসম প্ৰান্তই চলোৱা অভিযানৰ অংশস্বৰূপে কামৰূপ মহানগৰ জিলা সমিতিয়ে আজি গুৱাহাটীত স্বাক্ষৰ অভিযান অনুষ্ঠিত কৰে।

ফাউণ্ডেশ্যনৰ কামৰূপ মহানগৰ বিভাগৰ সংগঠন মন্ত্ৰী নীহাৰেন্দ্ৰ শৰ্মাৰ নেতৃত্বত গুৱাহাটীৰ মালিগাঁৱত অনুষ্ঠিত এই কাৰ্যসূচীত বিশিষ্ট সমাজসেৱী বিশ্বৰঞ্জন শীলৰ উপৰিও সংগঠনটোৰ যুৱ শক্তিৰ অসম প্ৰান্তৰ সংগঠন মন্ত্ৰী ত্ৰিণয়ন কোচ,গুৱাহাটী মহানগৰ সমিতিৰ সাধাৰণ সম্পাদিকা হিমাশ্ৰী দেৱী,সম্পাদকদ্বয় অৰুন্ধতী তালুকদাৰ, যশপাল সিং, কোষাধ্যক্ষ নবীন শৰ্মা, যুৱ শক্তিৰ গুৱাহাটী মহানগৰ জিলাৰ উপাধ্যক্ষ ভাস্কৰজ্যোতি দাস, সম্পাদকদ্বয় জিন্তুমনি বৰুৱা, মোচুমী চিৰিং, কোষাধ্যক্ষ হিমাংশু প্ৰসাদ শৰ্মা, প্ৰচাৰ সম্পাদক হীৰকজ্যোতি বৈশ্য, ছ’চিয়েল মিডিয়া বিভাগৰ প্ৰমুখ অংকুৰ বৰ্মন আৰু সদস্য ডেভিদ ৰায় উপস্থিত থাকে।

দেশত অতি শীঘ্ৰে এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়নৰ সমৰ্থনত জনসংখ্যা সমাধান ফাউণ্ডেচন,গুৱাহাটী মহানগৰ জিলাৰ উদ্যোগত অনুষ্ঠিত এই স্বাক্ষৰ অভিযানত জাতি-ধৰ্ম নিৰ্বিশেষে স্বতঃফূৰ্তভাৱে ওলায় আহি প্ৰায় দুহাজাৰ লোকে স্বাক্ষৰ প্ৰদান কৰে। এক শক্তিশালী আৰু বিশ্বগুৰু ভাৰত ৰাষ্ট্ৰৰ বাবে জনতাৰ এই সহাঁৰিত আপ্লুত ফাউণ্ডেশ্যনে অনাগত সময়ত অধিক উৎসাহেৰে কাম কৰিবলৈ অংগীকাৰবদ্ধ বুলি কামৰূপ মহানগৰ জিলা সমিতিৰ সম্পৰ্ক প্ৰমুখ কস্তৰী হাজৰিকাই এক প্ৰেছ বিজ্ঞপ্তি যোগেদি জনায়।