গুৱাহাটীৰ ভঙাগড়ত দুৰ্নীতি নিবাৰক শাখাই মঙ্গলবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় শোণিতপুৰৰ ঠেলামৰা ৰাজহ চক্ৰ কাৰ্যালয়ৰ লাট মণ্ডল গুলজাৰ হুছেইনক। ৰাজ্যত মাটিৰ দালালৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অভিযান চলোৱাৰ সময়ত দালালৰ পৰা টকা লৈ সুৰক্ষা দিয়াৰ অভিযোগ উত্থাপন হৈছিল গুলজাৰ হুছেইনৰ বিৰুদ্ধে।
উল্লেখ্য যে, মাটিল দাদালৰ পৰা এইজন গুলজাৰ হুছেইনে বিচাৰিছিল লাখ লাখ টকা। দালালৰ তালিকাৰ পৰা নাম কৰ্তন কৰি দিয়াৰ নাম বিচাৰিছিল ধন। গুৱাহাটীত এই ধনৰ লেনদেন হোৱাৰ কথা আছিল। কিন্তু দুৰ্নীতি নিবাৰকৰ জালত পৰে দুৰ্নীতিগ্ৰস্ত গুলজাৰ হুছেইন।
