গুৱাহাটীত শনিবাৰে ১ কোটিতকৈ অধিক মূল্যৰ ১০০ কিলোগ্ৰামতকৈ অধিক গাঞ্জা উদ্ধাৰ হোৱাৰ লগতে এই সন্দৰ্ভত দুজন লোকক আটক কৰা হয়।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে যোৰাবাটত অভিযান চলাই এখন ট্ৰাকৰ গোপন চেম্পাৰত লুকুৱাই অনা অৱস্থাত বৃহৎ পৰিমাণৰ গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হয়।
জানিব পৰা মতে, গাঞ্জা সৰবৰাহকাৰী ট্ৰাকখন অসম হৈ ত্ৰিপুৰালৈ গৈ আছিল।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ২জন সৰবৰাহকাৰীক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।
উল্লেখযোগ্য যে বৃহস্পতিবাৰে এখন ট্ৰাকৰ পৰা ৩২০ কিলোগ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছিল আৰক্ষীয়ে।
