বৃহস্পতিবাৰে বিয়লি গুৱাহাটীত অৱতৰণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত তেওঁক আদৰণি জনায় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
অমিত শ্বাহক আদৰণি জনোৱাৰ উদ্দেশ্যে বিমানবন্দৰত কেবিনেট মন্ত্ৰী অজন্তা নেওগ, জয়ন্ত মল্লবৰুৱা, ৰঞ্জিত কুমাৰ দাস, লোকসভাৰ সাংসদ দিলীপ শইকীয়া আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাকে ধৰি অন্যান্যসকলো উপস্থিত থাকে।
গুৱাহাটীত অৱতৰণ কৰাৰ পিছত কইনাধৰালৈ ৰাওনা হয় শ্বাহ।
তেওঁ আজি মহানগৰীত এক উল্লেখযোগ্য কাৰ্যসূচীত অংশগ্ৰহণ কৰিব য’ত ৰাজ্য চৰকাৰে বিভিন্ন চৰকাৰী বিভাগত সদ্য নিযুক্তিপ্ৰাপ্ত যুৱক-যুৱতীসকলক ৪৫ হাজাৰ নিযুক্তি পত্ৰ বিতৰণ কৰাৰ পৰিকল্পনা কৰিছে। সূত্ৰ অনুসৰি প্ৰায় দুঘণ্টা ধৰি এই অনুষ্ঠান অনুষ্ঠিত হ’ব।
