গুৱাহাটীত আকৌ হ’ব নেকি লকডাউন?

94

গুৱাহাটীত সম্পূৰ্ণ লকডাউনৰ সম্ভাৱনা। দুই-এদিনৰ ভিতৰতে সিদ্ধান্ত ল’ব চৰকাৰে। গুৱাহাটীত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কোৰোণা ভাইৰাছে। দৈনিক আক্ৰান্ত হৈছে শতাধিক লোক। এতিয়ালৈ মহানগৰীত আক্ৰান্তৰ সংখ্যা ৭ শতাধিক হৈছেগৈ। আজি সন্ধিয়া ৬ বজাত চিকিত্সক-চিকিত্সাকৰ্মীৰে বৈঠকত বহিব স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বৈঠকত স্বাস্থ্য বিভাগৰ প্ৰতিবেদনৰ ওপৰত আলোচনা কৰা হ’ব। বৈঠকৰ পিছত সম্পূৰ্ণ লকডাউন সন্দৰ্ভত লোৱা হ’ব সিদ্ধান্ত।