গুৱাহাটীত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান…

85

গুৱাহাটীঃ গুৱাহাটী মহানগৰত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আবকাৰী বিভাগ আৰু আৰক্ষীয়ে। মঙ্গলবাৰে কামৰূপ মহানগৰৰ আবকাৰী বিভাগৰ এটা দলে অসম আৰক্ষীৰ সৈতে এক যুটীয়া অভিযান চলাই প্ৰায় ৪০ লিটাৰ অবৈধভাৱে ডিষ্টিল কৰা (আইডি) সুৰা জব্দ কৰে।

গুৱাহাটীৰ শুকুৰবৰীয়া বজাৰ, শ্বাটল গেট আৰু পাণ্ডু বজাৰ অঞ্চলকে ধৰি পাণ্ডু চক্ৰত এই অভিযান চলোৱা হওঁ। এই সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

ইয়াৰ পূৰ্বে ১৫ নৱেম্বৰত বিভাগটোৱে গুৱাহাটীৰ ফটাশিল আমবাৰী অঞ্চলত আন এটা যুটীয়া অভিযান চলাইছিল। এই অভিযানকালত ১০ লিটাৰ আইডি সুৰা জব্দ কৰা হয় আৰু এই সন্দৰ্ভত এজন লোকক গ্ৰেপ্তাৰ কৰা হয়।

তদুপৰি, ১৪ নৱেম্বৰত গোবৰ্ধন, নিজৰাপাৰ, বিৰকুচি, বোণ্ডা, পানীখাইতি অঞ্চলকে ধৰি নাৰেংগী ৰে’ল ষ্টেচনৰ প্ৰাগজ্যোতিষপুৰ চক্ৰৰ চান্দমাৰীত জোন ডিত অভিযান চলাই আবকাৰী বিভাগে প্ৰায় ৩০ লিটাৰ আইডি সুৰা আৰু ৮০ কিলোগ্ৰাম ফাৰ্মেণ্টেড ৱাছ (এফডব্লিউ) জব্দ কৰে। এই সন্দৰ্ভত তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হয় আৰু জৰিমনা আৰোপ কৰা হয়। 

আনহাতে কামৰূপ গ্ৰাম্য জিলাতো সুৰাৰ অবৈধ বিক্ৰীৰ বিৰুদ্ধে কঠোৰ হোৱা দেখা গৈছে আৰক্ষীক। মঙ্গলবাৰে আবকাৰী বিভাগ আৰু আৰক্ষীয়ে এক অভিযান চলাই চাংসাৰি আৰু আমিনগাঁওত প্ৰায় ৬৫ লিটাৰ আইডি সুৰা জব্দ কৰে।