গুৱাহাটী ৰে’ল ষ্টেছনত জব্দ বৃহৎ পৰিমাণৰ চুপাৰী। শনিবাৰে ৰে’ল আৰক্ষীয়ে অভিযান চলাই ৰাজধানী এক্সপ্ৰেছৰ পৰা ৪৪ বেগ চুপাৰী জব্দ কৰিবলৈ সক্ষম হয়। আনহাতে কামৰূপ এক্সপ্ৰেছৰ পৰাও ২২ বেগ চুপাৰী জব্দ কৰিবলৈ সক্ষম হয় ৰে’ল আৰক্ষীয়ে।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, সৰবৰাহকাৰীয়ে যাত্ৰীবাহী ৰে’লযোগে ৪৪ বেগ চুপাৰী ডিমাপুৰৰ পৰা চি এনবিলৈ আৰু কামৰূপ এক্সপ্ৰেছযোগে ডিমাপুৰৰ পৰা হাওৰালৈ সৰবৰাহ কৰাৰ সময়তে ৰে’ল আৰক্ষীয়ে চুপাৰী কেইবেগ জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত চুপাৰীখিনি বাৰ্মিজ চুপাৰী হোৱাৰ সন্দেহ কৰিছে ৰে’ল আৰক্ষীয়ে।
