গুৱাহাটী বাসীক বিশুদ্ধ খোৱা পানী যোগানৰ দাবীত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

84

ষ্টাফৰিপৰ্টাৰ, ৮ জুন : গুৱাহাটী বাসীক বিশুদ্ধ খোৱা পানী যোগানৰ দাবীত সদৌ গুৱাহাটী ছাত্ৰ সন্থাই সোমবাৰে সামাজিক দূৰত্ব বজাই ৰাখি
গণতান্ত্ৰিক ভাবে আন্দোলন সাব্যস্ত কৰে।গুৱাহাটী ক্লাৱৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা চকত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সন্থাই সকলে গুৱাহাটী মহানগৰ বাসীৰ অতি গুৰুত্বপূৰ্ণ খোৱা পানীৰ সমস্যা সমাধানৰ বাবে দাবী জনায়। মহানগৰবাসীৰ ঘৰে ঘৰে যাতে বিশুদ্ধ খোৱা পানী যোগান ধৰা হয় তাৰ বাবে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক যথাবিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। এই কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিবাহক সীমান্ত ঠাকুৰীয়া, তপন কলিতা, কামৰূপ(ম) জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি আনোৱাৰ হুছেইন ৰ লগতে সকলো শাখা-উপশাখা ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকল।