ষ্টাফ ৰিপোৰ্টাৰ : বিগত সময়ছোৱাত আমাৰ মাজৰ পৰা হেৰাই যোৱা সাংবাদিক-সংবাদ কৰ্মী সকলৰ পৰিয়াল বৰ্গ তথা যি সকলে যিকোনো ধৰণৰ কঠিন ৰোগ ইত্যাদিত ভুগি থকাৰ ফলত লকডাউনৰ সময়ত প্ৰয়োজন বশতঃ ওলাই যাবলৈ পৰা নাই তেওঁলোকক অকণমান সহায়ৰ হাত আগবঢ়াবলৈ বিচাৰিছে গুৱাহাটীৰ প্ৰতি গৰাকী সাংবাদিক-সংবাদকৰ্মীলৈ। তেনে ধৰণৰ সাংবাদিক-সংবাদ কৰ্মীৰ পৰিয়ালৰ ঠিকনা আৰু যোগাযোগৰ নম্বৰ জনাবলৈ আহ্বান জনাইছে। তেওঁলোকক সাধ্যঅনুসাৰে ৰেচন, ফেচ মাস্ক আৰু চেনিটাইজাৰ যোগান হ’ব।
