গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱাত নগাঁও জিলা বাৰ্তাজীৱী সংঘৰ কাৰ্যানিবাহক সভা আৰু মত বিনিময় অনুষ্ঠান সম্পন্ন

109

ঋতু পৰ্ণ শৰ্মা,নগাঁও: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰবিত্ৰ জন্মস্থান বটদ্ৰৱাৰ শ্ৰীমন্ত শংকৰদেৱৰ গৱেষণা প্ৰতিষ্ঠানত ৰবিবাৰে বটদ্ৰৱা প্ৰেছ ক্লাৱৰ সহযোগত নগাঁও জিলাৰ বাৰ্তাজীৱী সংঘৰ কাৰ্যানিবাহক সভা আৰু এক মত বিনিময় অনুষ্ঠিত অনুষ্ঠিত হয়।

এই কাৰ্যনিৰ্বাহক সভাত নগাঁও জিলা বাৰ্তাজীৱী সংঘৰ সকলো বিষয়ববীয়া আৰু সদস্যৰ লগতে মত বিনিময় অনুষ্ঠানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ সাংবাদিক সকলে অংশগ্ৰহণ কৰে। নগাঁও জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি কনক হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ আদৰণি ভাষণ আগবঢ়াই বটদ্ৰৱা প্ৰেছ ক্লাৱৰ সম্পাদক কৰ্ন্দপ কুমাৰ কলিতাই।

নগাঁও জিলা বাৰ্তাজীৱী সংঘৰ সম্পাদক ভাস্কৰজ্যোতি মেধিয়ে আঁত ধৰা এই কাৰ্যনিৰ্বাহ আৰু মত বিনিময় অনুষ্ঠান আনুষ্ঠানিক ভাৱে মুকলি কৰে শ্ৰীশ্ৰীবটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক ইন্দ্ৰমোহন বৰাই।মত বিনিময় অনুষ্ঠানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ সাংবাদিক সকলে নিজৰ মতামত দাঙি ধৰি সাংবাদিকৰ ন্যায্যপ্ৰাপ্তি আৰু অধিকাৰৰ বিষয়ে অৱলোকন কৰে।লগতে সাংবাদিক সকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাজ্যৰ সকলো সাংবাদিক সংগঠন সমূহক একত্ৰিত হৈ চৰকাৰৰ ওচৰত এই সমস্যা সমূহ সমাধানৰ বাবে আহ্বান জনায়।

ইপিনে, কাৰ্যনিৰ্বাহক সভাই কেইবাটাও প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গৃহীত কৰে।প্ৰস্তুত অনুসৰি নগাঁও জিলা বাৰ্তাজীৱী সংঘক অধিক শক্তিশালী কৰাৰ স্বাৰ্থত বাৰ্তাজীৱী সংঘৰ কাৰ্যনিৰ্বাহ সভা সমূহ জিলা খনৰ বিভিন্ন অঞ্চল সামৰি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তাৰোপৰি নগাঁও জিলা বাৰ্তাজীৱী সংঘই চলিত বৰ্ষৰ পৰা জিলা পৰ্যায় আৰু ৰাজ্যিক পৰ্যায়ৰ দুটাকৈ বঁটা প্ৰদান কৰাৰ কথা সিদ্ধান্ত গ্ৰহণ কৰে।লগতে সাংবাদিক সকল ওপৰত বৰ্তমান সময়ত চলা নিৰ্যাতনৰ বিৰুদ্ধে শক্তিশালী ৰূপে যুঁজ দিয়া আৰু সাংবাদিক সকল আৰ্থিক অৱস্থা টনকিয়াল কৰাৰ কাৰণে চৰকাৰ ওচৰত দাবী উত্থাপন কৰা, সাংবাদিকৰ স্বাস্থ্য বীমা আদিৰো বিষয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰাৰ কথা উল্লেখ কৰে ।

এই সভাত নগাঁও জিলা বাৰ্তাজীৱী সংঘৰ উপ সভাপতি মুনীন্দ্ৰ শইকীয়া,প্ৰাক্তন সভাপতি অখিল চন্দ্ৰ দাস,প্ৰাক্তন সম্পাদক মিজু বৰা, ধিং প্ৰেছ ক্লাৱৰ সভাপতি ৰাজীৱ নেওগ, বটদ্ৰৱা প্ৰেছ ক্লাৱৰ সভাপতি পদুম কলিতা, শংকৰী কলা কৃষ্টিৰ সাধক বিষ্ণুৰাম মেধি,স্থানীয় সমাজকৰ্মী বিপিন বৰা, সাংবাদিক মুৰুলী বৰুৱা,অজয় মাহাতু,প্ৰাঞ্জল বৰদলৈ, তপন কটকী,প্ৰমোদ শৰ্মা, ঋতু পৰ্ণ শৰ্মা, নাজিম উদ্দিন আহমেদ, ৱাহিদুদ জামান, নৃপেন বৰা, বিদ্যুৎ বৰা, দিব্যজ্যোতি দাস, জগন্নাথ কলিতা, ৰাকেশ বনিক, দিব্যজ্যোতি দাস, মহি উল্লাহ, জয়দেৱ দাস আদি উপস্থিত থাকে।