গুজৰাটৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ বিজয় ৰূপানীৰ

110

দীৰ্ঘদিন ধৰি চলা জল্পনাৰ অন্তত অৱশেষত গুজৰাটৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে বিজয় ৰূপানীয়ে। ৰাজ্যপালৰ হাতত নিজৰ পদত্যাগ পত্ৰ অৰ্পণ কৰি ৰূপানীয়ে কয়, “সময়ৰ লগে লগে দলৰ কৰ্মকৰ্তাসকলৰ দায়িত্ব সলনি হয়। মই দলটোৰ বাবে কাম কৰিব বিচাৰিছিলো। মই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ অধীনত কাম কৰা আৰম্ভ কৰিম।’

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহ ৰাজ্য গুজৰাটৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ এবছৰ পূৰ্বেই মুখ্যমন্ত্ৰী পদৰ পৰা ৰূপানীয়ে পদত্যাগ কৰাক লৈ ৰাজনৈতিক মহলত নানান চৰ্চা চলিছে। আনহাতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰূপে কাক দায়িত্ব অৰ্পণ কৰা হব সেয়া এতিয়াও জানিব পৰা হোৱা নাই যদিও বিজেপিৰ এয়া নিৰ্বাচনী ৰণনীতিৰ অংশ বুলিয়েই দাবী কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে।